কবিতা- পুৱা
কবি- হেমচন্দ্ৰ গোস্বামী
গহীন পুৱতি নিশা, নিতাল জগত
ক'তো নাই জোনাকৰ চিন;
নিমাত বিশ্বৰ বাঁহী, নিজম চেতনা,
সুৰ ভুলা জীৱনৰ বীণ।
জীৱনৰ যুঁজ এৰি কাম-কৰ্মী দুয়ো
শঁতাইছে যুঁজৰ ভাগৰ,
বিয়পি অসীম বিশ্ব আন্ধাৰ এলাহ,
গতিহীন স্থিতি জগতৰ
কোনোবা দেশৰপৰা ধীৰ সোঁত বলি
আহিছে এখনি জুৰ নৈ
ৰিণিকি ৰিণিকি এটি নীৰৱ কবিতা
বাজিছে বুকুত ৰৈ ৰৈ।
জোনাক জোনাক বুলি জীৱন বিচাৰি
আন্ধাৰত প্রকৃতি আতুৰ ;
জোনাক-জীৱন খুজি ওপঙি ফুৰিছে
নিফুট আকুল এটি সুৰ।
কাতৰ সুৰত পমি নিয়ম-বিহোঁতা
প্ৰকৃতিৰ প্রবোধি মনক;
দিবলৈ মনে মনে জোনাক-জাননী
পাচিছে পুৱাৰ বতাহক।
স্বৰ্গৰ বাতৰি পাই আপেক্ষি জোনাক
প্ৰকৃতিৰ উত্ৰাৱল চিত;
বহিছে শীতল বায়ু নাচিছে লতাই
ফুল-কলি হাঁহিছে থুপিত।
দুটিমান জোনাকৰ সোণোৱালী ৰেখ
লাহে লাহে ভৈয়াম নামিছে;
সৃষ্টি-পাতনিৰ সেই জীৱন্ত ছবিটি
ঘুৰি আহি ভুমুকি মাৰিছে।
লোকালোক সাগৰত উটি-বুৰি ফুৰা
জীৱনৰ পবিত্ৰ ভাবটি;
আধা-আলো আধা ছাঁত ফুলোঁ ফুলোঁ কৰি
প্রকৃতিক ধৰিছে সাবটি।
জিলিঙনি এটি আহি পদুম-বনত
স্বৰগৰ ৰহণ ঢালিছে;
অকলশৰীয়া দুটি পদুম-কলিয়ে
চুমা খাই হালিছে-জালিছে।
স্বৰ্গৰ জেউতি দেখি ৰাজহাঁহ যুৰি
প্ৰেমৰ আলচ ভুলি গৈ
চিত্ৰৰ পুতলী প্ৰায় আছে থৰ লাগি
ইটিয়ে সিটিকে চাই ৰৈ।
আকৌ ঘুমটি ত্যজি নিজম চেতনা
লাহে লাহে সজাগ হইছে:
পাহৰা সুৰটি ঘুৰি বজাবৰ গুণে
বীণখনি হাতত লইছে।
বৰষা অনন্ত কাল জ্ঞানৰ পোহৰ
জ্যোতিষ্ময়ী জোনাকী সৱিতা,
বজোঁৱা অনন্ত কাল পঞ্চমত তুলি
বীণাপাণি কোমল কবিতা।
(কবিতাটোৰ পাঠ শুনিবলৈ তলৰ ভিডিঅ'টোৰ লিংকটোত ক্লিক কৰক।)