কবিতা- ভ্ৰম
কবি- লক্ষ্মীনাথ বেজবৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
কোনে কলে সেয়া বাঁহী বাজে বুলি ?
বনদেৱী গীত গায় ;
শেৱালিৰ মালা নহয় এইধাৰ ,
তৰাৰে গুঁথিছে হায় !
নহয় ফুলনি কুঁৱৰীসকলৰ ;
দঢ়াই দঢ়াই কওঁ ;
গোলাপ নহয়, প্ৰিয়াৰ নয়ন ,
দেখি থিৰ হৈ ৰওঁ ।
কোনে কয় সেইটি হৰিণা পোৱালি ?
ইমান চেতনা নাই !
বনৰ সৌন্দৰ্যই ৰূপ ধৰি আহি
দেও দি দুবৰি খায় ।
নহয় পুখুৰী, প্ৰেমিকৰ হিয়া ,
পানী নহয় , প্ৰেমৰস ;
নৈ নহয় , ঠিক প্ৰেমৰ প্ৰবাহ ,
বিচাৰি প্ৰেম বিৱশ ।
বীণৰ আত্মাটি উৰি 'গুন' গায় ,
কোনেনো ভোমোৰা বোলে ?
খোপাৰ ফুলটি উৰিয়েই প্ৰিয়াৰ ,
পখিলাৰ নাম পালে ।
কৃষ্ণপখী বোলে নিকুঞ্জবনত
'কৃষ্ণ কৃষ্ণ' ডাক দিছে ?
পখী নহয় , জানা ব্ৰজৰ কান্দোন
প্ৰতিধ্বনি ৰূপে আছে ।
মলয়া নহয় , বিৰহীসৱৰ
গোট খোৱা হুমুনিয়া ,
প্ৰিয়তমাৰ গাল ওফন্দি পৰিছে ,
সেয়েহে জানা সন্ধিয়া ।
No comments:
Post a Comment