কবিতা-"ধৰ, টানি ধৰ, স্বাধীন যে তই
পোন কৰি তুলি ৰক্ষা কৰ"
কবি- অম্বিকাগিৰি ৰায়চৌধুৰী
পাঠ- প্ৰৱাল গোস্বামী
হেৰৌ, জড়তা-পিষ্ট চিন্তা-বুদ্ধি-তত-বিবেচনাহীন, দুৰ্ভগা, অদূৰদৰ্শী অসমীয়া!
তোৰ, জনমভূমিত তোৰ সঁচ মৰি শ্মশানখন যে গজিব ধৰিছে,
__ তাৰ হুঁচ কিয় নাইকিয়া?
তই, স্বাধীনতা পালি, বাহু দাঙি দাঙি, ডিঙি ফালি ফালি
কতনো ভঙ্গী দেখুৱাই তাৰ গীত গালি__
কিন্তু, তোৰ জীৱনত স্বাধীন হোৱাৰ পূণ্য পুৱাৰ
আনন্দকৰ জীয়াৰ পোহৰ কি পালি?
পৰাধীনতাত নিপীড়িত জীৱে স্বাধীনতা লভে
নৱোদ্যমেৰে নতুন জীৱন গঢ়িবলৈ,__
তই দেখোঁ হায়! ভাঙি চিঙি গ'ই পঙ্গু খোজেৰে
আগহে বাঢ়িছ মৃত্যুৰ থলী শ্মশানলৈ?
দুখ দিবি কাক? অভিযোগ আছে কাৰ ওপৰত?
চেতনা-দৃষ্টি সমূলি হেৰালি নেকি তই?
নিতে ঘটি আছে চকুৰ আগতে, __দেখিও নেদেখি
বুজিও নুবুজি, __ ভেবা লাগি আছ থিয় হ'ই?
দেখা নাই! __তই জী থকা ভেটিটো তোৰ স্থিতি স'তে?
ধ্বংসৰ ফালে হালিছে কিদৰে, __ নিঃসহায়?__
তোৰ আত্মিক, মানসিক, দৈহিক, ৰং-ৰূপ-ৰসো
আনৰ হোপনি-যন্ত্ৰত পৰি শুহি যায়?
ধৰ, টানি ধৰ,__সোৰোপালি এৰ,__জী থকাৰ ফালে
পোনাই দি তাক ৰক্ষা কৰ__ ৰক্ষা কৰ__
স্বাধীন হোৱাৰ চেতনা-তেজেৰে গাওঁ-ভুই জুৰি
চহৰে-নগৰে বজ্ৰগোট হ'ই দৃঢ়তৰ?
তয়েই কেৱল,__তয়েই কেৱল, __তোৰ দেশ-জাতি ৰক্ষা কৰোতা
__আন কোনো আৰু নাই__নাই__
জনম-ভূমিত আলু উঠি যে তই উচ্ছন হবি
__ভাব যদি তোক ৰক্ষিব আন কোনোবাই__
(ৰচনা- ইং ১৯৫৯)
No comments:
Post a Comment