কবিতা- মানৱ বন্দনা
কবি- চন্দ্ৰকুমাৰ আগৰৱালা
পাঠ- প্ৰৱাল গোস্বামী
আহিছে মানুহ গৈছে মানুহ
মানুহ ময়াপী জীৱ।
মানুহ সোঁতৰ অন্ত নাইকিয়া
বুলিলে মৰত কিয়?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সংগ
মানুহেই পৰাৎপৰ,
এইযে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ।
কৰা কৰা পূজা-পাদ্য অৰ্ঘ্য লই
জয় জয় মানৱ দেৱ !
কবিতাটোৰ আবৃত্তি খুব ভাল লাগিল।
ReplyDelete