কবিতা- স্বদেশ প্ৰেম
কবি- পদ্মধৰ চলিহা
পাঠ- প্ৰৱাল গোস্বামী
ধৰেনে জনম কেৱেঁ এই মৰতত
শিলাময় কৰি তাৰ হিয়া,
"এয়ে মোৰ জন্মভূমি" বুলি মনে মনে
এবাৰো যি কোৱা নাইকিয়া?
আনৰ দেশৰ পৰা উলটি আহোঁতে
ফুৰি চাকি ঘৰমূৱা হৈ,
জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে
আছে নে কোনোবা এনে অ'ই?
আছে যদি এনে কোনো এনে কাঠ-চিত
চিনি থ'বা তাক ভালকৈ,
তাৰ বাবে গায়কৰ উচ্ছ্বাস উথলি
নুথে তাৰ গুণ গাবলৈ।
থাকক থাকিলে তাৰ ডাঙৰ উপাধি,
জগতত ফটা-ফুটা নাম,
থাকক থাকিলে তাৰ বিভূতি বৈভৱ,
বাসনাই ঢুকি পোৱা মান।
কিন্তু তেনে স্বাৰ্থপৰ দুৰকপলীয়া
নাপায় খিয়াতি জনমত,
দুগুণ মৰণ ভুগি ধূলিৰ মানুহ
মিলি যাব ধূলিৰ লগত।
তাৰ বাবে কেৱেঁ আৰু নোটোকে চকুলো,
কেৱেঁ তাক নকৰে সন্মান;
কবিয়ে কবিতা ৰচি নকৰে নকৰে
কেতিয়াও তাৰ গুণ-গান ।
No comments:
Post a Comment