কবিতা- তেজীমলা (Tezimola)
কবি- ৰফিকুল হোচেইন (Rafikul Husain)
পাঠ- প্ৰৱাল গোস্বামী (Prabal Goswami)
(হাজাৰ বুধেশ্বৰীৰ ধৰ্ষণ আৰু হত্যাৰ কৰুণ সোঁৱৰণত)
সাউদৰ ডিঙা ঘূৰি অহা নাই
পাহাৰ টিলাত উঠি চালি
শইচৰ বুকুত ৰৈ চালি
সাউদৰ ডিঙা ঘূৰি অহা নাই
তোৰ গাত কুৰুৱা বতাহ
তেজীমলা
তোৰ মুখত চুলিৰ ছায়া
উশাহত নাচিছিল অ' তেজীমলা
বুকুৰ ভাঁজত তোৰ নিটোল এযুৰি মঙহ-মাদল
ডিঙাৰ টিঙত উঠি সপোনৰ চোতালত তয়েতো নাচিছিলি
নাচিছিলি তেজীমলা শীতল পানীৰ দৰে
এবাটি পিয়াহ হৈ ভোকৰ আখলত তোৰ দিন ৰাতি দিন
ঘূৰি যে নাহিল সাউদৰ ডিঙা
থৰ হলি থৰ হলি তই
কোন ব্যাধৰ শৰে হৰি নিলে আহি তোৰ
অমাতৰ মৌ_ মাত মঙহৰ অমৃত
থৰ হলি থৰ হলি তই
নুশুনিলি তোৰ
তেজৰ বীজত ফুলা শইচৰ বাঁহী
নেপালি তোৰ
তিল-ফুল নাকত লৈ বহাগৰ কেতেকী
সাউদৰ ডিঙা যে ঘূৰি অহা নাই
অ' তেজীমলা
আজি ধূলিয়ৰি অৰণ্যত
আজি পৰি আছে তোৰ
দ্ৰৌপদী দেহা
সাউদৰ ডিঙা যে ঘূৰি অহা নাই!
ঘূৰি অহা নাই…
No comments:
Post a Comment