কবিতা- তোমালোকক মই দেখিছোঁ
কবি- সমীৰ তাঁতী
পাঠ- প্ৰৱাল গোস্বামী
তোমালোকক মই দেখিছিলোঁ বধ্যভূমিৰ মাজত
প্ৰাচীন শালগছৰ দৰে নীৰৱ আৰু কঠিন
সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে
তোমালোকৰ সেই আপোচহীন যুদ্ধ আৰু অতুলনীয় সাহস
গোটেই আকাশজুৰি আৱৰি আছিল
যেন কাহানিও সেও নমনা এক স্বাধীন পতাকা
মই চাইছিলোঁ তোমালোকৰ মুখৰফালে
তোমালোকে যেন কৈছিলা চিঞৰি চিঞৰি
পাশৱিকতাক জয় কৰিব লাগিব
মানৱতা আৰু গণতন্ত্ৰৰ হকে
সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে
মই আজিও দেখোঁ সুদুৰৰ পৰা ধাননি আৰু নীল পাহাৰৰ চূড়াত
তোমালোকৰেই মুখৰ শোভা
তোমালোকৰ বিজয়ৰ গান
দোকমোকালিৰ ঘন্টাধ্বনিৰ দৰে পৱিত্ৰ সেই কন্ঠ
মই আজিও শুনো
বিয়পি যায় চৌপাশে চৰাইৰ মাতৰ দৰে
বিদায় কমৰেদ, আকৌ দেখা হ'ব আমাৰ
এক নতুন পৃথিৱীত।
No comments:
Post a Comment