কবিতা- মৰাৰ পিছত
কবি- দুৰ্গেশ্বৰ শৰ্মা
পাঠ- প্ৰৱাল গোস্বামী
মৰিলে পামনে দেখা তৰা আকাশৰ,
শস্যেৰে শোভিত বসুন্ধৰা,
বিস্তৃত জগতখনি আকাশে আৱৰা,
কেউপিনে আনন্দৰে ভৰা?
পৃথিৱীৰ গাত গজা কোমল বনত
পৰি থকা কোমল নিয়ৰ,
মৰিলে পামনে দেখা বায়ুৰ মাজত
গহীন চলন ডাৱৰৰ?
কাণেৰে শুনিম জানো প্ৰকৃতিত বজা
শান্তিময় মোহিনী সঙ্গীত,
ডালত জিলীয়ে গোৱা মধুৰ মাতেৰে
বিভুৰ যশস্যা পৃথিৱীত?
মৰিলে কাণত যদি একোকে নেবাজে
একো ছঁয়া নপৰে চকুত,
হৃদয়ৰ ভাব তাপ, সিও যদি যায়
সুখ তেন্তে নাই মৰণত।
No comments:
Post a Comment