কবিতা- শৰৎ
কথা আৰু পাঠ- প্ৰৱাল গোস্বামী
সপোনটো এখুদ দুখুদকৈ
পথাৰত গজালি মেলে
তুলসীৰ তলত আশাৰ এগছি প্ৰদ্বীপ জ্বলে।
তলসৰা শেৱালিৰ পাহিত নিয়ৰৰ মুকুতা
চহৰত ৰজাঘৰীয়া ধুমধাম।
পূজাৰ ঢাকৰ কোলাহলত
উদং ভড়ালৰ বিননি নুশুনা হ'ল।
পোনাকনে বাপেকক ক'লে,
নতুন কাপোৰ নিদিলে
পূজালৈ নাযাওঁ।
বাপেক আঘোনাই ঘৈণীয়েকক ক'লে,
যোৱাবেলি ডমৰা বেচি পোৱা টকাকেইটা উলিয়াই দিয়া।
No comments:
Post a Comment