কবিতা- ইস্তাহাৰ
কবি- নলিনীধৰ ভট্টাচাৰ্য
পাঠ- প্ৰৱাল গোস্বামী
অতীন্দ্ৰিয় প্ৰতিশ্ৰুতি সমূলি বিফল
বুজি পাওঁ ইন্দ্ৰিয়ৰ স্বৰ
গোন্ধ পাওঁ নৰকৰ, ধূসৰ মৰুৰ
ঘৃণাৰ কাঁইটে বিন্ধে প্ৰেমৰ হৃদয়
পদুম ফুলিব ক’ত?
ধুমুহাই মোহৰি পেলায় কপাহী মেঘৰ ৰ্ং
প্ৰেমিক পখিলা উৰি জলন্ত অগ্নিত পৰে
এয়েতো প্ৰথম হায় হেৰুৱালো জীৱনত
ফুল তৰা জোন আৰু দুবৰিৰ কোমল সুবাস
যুতি জাঁই মালতীৰ দক্ষিণ বায়ুৰ স্পৰ্শ যাতনা কেবল
নৰকত লেটি লোৱা অজস্ৰ কীটৰ সতে কৰোঁ অহা-যোৱা
আছে মাথোঁ হৃদয়ৰ ক্লান্তি আৰু প্ৰখৰ ৰ’দৰ তাপ
সংজ্ঞাহীন কাল-চক্ৰ সংকীৰ্ণ এই দিগবলয়ত
মৃত্যু আৰু যাতনাৰ নৰ্ক নোহে তৰ্কৰ বিষয়
লাভ কিনো উদ্দাম তৰণী মেলি মায়া-সমুদ্ৰত?
এই ভগা হাটৰ মাজত পলায়নী গানৰ আখৰা অসম্ভৱ
দেখিলো কেৱল মই এখন সাগৰ মহাজীৱনৰ
তাতে স্নান পান আচমন কৰিছোঁ ৰমণ
জাতি গণ্ডী সীমা ভূগোলৰ নহয় অন্বিষ্ট মোৰ
এখন পৃথিৱী লাগে
য’ত বিজ্ঞান অপ্সৰী হ’ব
কল্যাণৰ পাখি মেলি আনি দিব চৈতন্যৰ মহাজাগৰণ
অনন্ত নহয় কাল শেষ হ’ব অকাল-কালৰ
সত্তাহীন ভগা কণী সময় পখীৰ উমনিত
আকউ সজীৱ হ’ব, জাগৰ চৈতন্য-স্ৰোতে
ভাষা দিব ধূসৰ শূন্যক, কবৰক ঘাঁহৰ সুৰভি।
No comments:
Post a Comment