Sunday, March 31, 2019

কবি নলিনীবালা দেৱীৰ কবিতা "নাটঘৰ"

কবিতা- নাটঘৰ
কবি- নলিনীবালা দেৱী
পাঠ- প্ৰৱাল গোস্বামী


বিফলতা লৈয়ে এই ৰচিলোঁ জীৱন-গীতি,
সৰি পৰে দুচকুৰ নীৰ,
বিশাল বিশ্বত মাথোঁ নয়নৰ লোৰে মোৰ
উপচিল সাগৰৰ তীৰ।

জীৱন সপোন স্মৃতি দিঠকৰ মৰীচিকা
ছঁয়াময়া ছবি সপোনৰ,
জীৱনৰ অৱশেষ বিফলতা হা-হুতাহ
জোখ-মাখ আপোন-পৰৰ।

কোন মহাশূন্য ভেদি আহিছিলোঁ অকলই,
তাকে বহি ভাবোঁ মনে মনে,
বিশাল বিশ্বত আহি পাতিছোঁ কিহৰ খেল,
কিনো পালে মানুহ-জীৱনে।

জীৱন নাটৰ ভাও কতনো কৰিলোঁ শেষ,
কৰি গ'লোঁ কত অভিনয়,
কতজনে কতৰূপে জীৱনৰ ভাও দি দি
ভাঙি গ'ল মাথোন হৃদয়।

ভাগিল জীৱন-নাট পৰি গ'ল যৱনিকা,
পুৱঁতীৰ তৰাও লুকাল,
শূন্য আজি নাটঘৰ, স্মৃতিৰ শলিতা জালি
বহি বহি ৰাতিটো পুৱাল।

কত দিন কত ৰাতি কত উৎসৱ-গীতি,
কত মৰণৰ হাহাকাৰ,
ৰূপৰ তুলিকা ধৰি আঁকো নিতে ছায়াছবি,
ফুটি উঠে ৰূপ-লীলা তাৰ।

জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি
ভুৱা দেখি লাগিছে ভাগৰ,
সাগৰ-বালিতে সাজি ধেমালিৰ বালি-ঘৰ
পাহৰিলোঁ ৰূপ সাগৰৰ।

কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ
চকুৰ চিনাকী দুদিনৰ,
সসীমৰ ৰূপ-তৃষা অসীমত বুৰ যাব
খহি গ'লে জৰী মৰমৰ।


No comments:

Post a Comment