Sunday, March 31, 2019

চন্দ্ৰধৰ বৰুৱাদেৱৰ কবিতা "ধূলি-কণা মই"

কবিতা- ধূলি-কণা মই
কবি- চন্দ্ৰধৰ বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী


যিদিনা মৰিম মই, সেইদিনা বাৰু
জগতৰ কেনি হানি হ'ব?
মৰিলোঁ নে আছোঁ, মই, এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব?

মই মৰিলেও দিন গ'লে ৰাতি হ'ব,
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল, বতাহ বলিব,
নিজ বাটে নক্ষত্ৰ ঘূৰিব।

আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে
লৰচৰ অলপো নহয়।

মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নেপাব।

অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্ৰ ধূলি-কণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কেনিও অকণো হানি নাই।


No comments:

Post a Comment