(এজন সৰল মনৰ ডেকায়ে তাৰ চেনেহীলৈ লিখা এখন নীলা খামৰ চিঠি।)
কথা আৰু পাঠ- প্ৰৱাল গোস্বামী
মৰমৰ চেনেহী,
মৰম লবি। আশা কৰো তোৰ ভালেই, মোৰহে ভাল নহয় অ'। এইবেলি ৫০০ টকা খৰছ কৰি ঢোলটো চোৱাই আনিলো, তোক বিহুত এবাৰ নচুৱাম বুলি। পিছে, উৰুকাৰ দিনা মাখিয়তী গছ বিচাৰি যাওঁতে তোৰ সখী তগৰক পালো। তাইহে ক'লে, এইবেলি বিহুত হেনো তই ঘৰত নাথাক। তই নাথাকিলে মোৰ ঢোলত ভাল চাপৰে নপৰে অ'। তই বাৰু এইহেন ব'হাগত কিয় মোমাইৰ ঘৰলৈ গ'লি? নে তোৰ পিতাই আমাৰ ভালপোৱাৰ কথা জানি তোক মোৰ পৰা আতঁৰাই ৰাখিলে? মোৰ লগৰ কণবাপুয়ে কি কৈছে জান', চকুৰ আতঁৰ হ'লে হেনু মনৰো আতঁৰ হয়। তই কিন্তু মোক মনৰ আতঁৰ কৰি নিদিবি দেই! যোৱাটো ব'হাগত তোক পলুৱাই নিম বুলি কোৱাত তই যে কৈছিলি, মোৰ কথা কেইটাৰ বাহিৰে তোক সুখী কৰিব পৰাকৈ মোৰ একোৱেই নাই। সেইবাবেই মহাজনৰ ৮ বিঘা মাটি আধিয়া লৈ খুব কষ্ট কৰি খেতি কৰিলো। বিধিৰ কি বিপাক, বান আহি সকলো উতুৱাই নিলে। বছৰতো খাবলৈও ধানে নাটিলে। লগৰ বহুকেইটাই খেতিৰ কাম এৰি নগৰলৈ গৈছে। তাত হেনো কামো বহুত টকাও বহুত পোৱা যায়। মইনো অকলশৰীয়া আইক এৰি কেনেকৈ নগৰলৈ যাওঁ, তইয়ে ক'ছোন? পিতাই শিকোৱা নাঙলৰ মুঠিত ধৰিয়ে এইবাৰ দুগুন উৎসাহেৰে খেতি কৰিম। তোৰ মৰম আৰু ভগৱানৰ আৰ্শীবাদ থাকিলে আঘোণৰ পথাৰ সামৰিয়ে ঘৰটো চোৱাই লম। তেতিয়া আকৌ তই নাহো বুলি নকবি দেই। আজি কেইদিনমান ধৰি তোৰ পিতাই আৰু মণ্ডলৰ মাজত হলিগলি বেছি দেখিছো। সিদিনা কোনোবাই কৈছিল, তোৰ পিতাই হেনো তোক মণ্ডলৰ পুতেকলৈ দিবলৈ মন। তই তাৰ লগত বিয়াত নবহো বুলি কয় দিবি। আজিলৈ সামৰো, তোক লগ নোপোৱাৰ বাবে তগৰৰ হাততে চিঠিখনৰ লগতে বিহুতে আনি থোৱা কপৌফুল পাহ দিলোঁ। তই খোপাত গুজি আবেলি নৈৰ কাষলৈ আহিবি, মই বুঢ়াআঁহতজোপাৰ তলিতে ৰৈ থাকিম।
No comments:
Post a Comment