কবিতা- সংগী
কবি- নীলিম কুমাৰ
পাঠ- প্ৰৱাল গোস্বামী
কলৈ যাৱ অ' ককাই
কান্ধত তুলি মৰা চৰাইবোৰ
তই নিয় কলৈ?
ভনী, মই আইৰ ওচৰলৈ যাওঁ,
বৰষুণে মাৰিলে চৰাইবোৰ
তাকে জীয়াই আনোগৈ…
ককাই,
ক'তনো থাকে তোৰ আই?
সৌ শগুনৰ দৰে বহি থকা পৰ্বতৰ চূড়াবোৰ পাৰ হৈ
বতাহৰ ঘৰবোৰ পাৰ হৈ
মেঘৰ সমদলবোৰ পাৰ হৈ
আকাশৰ তৰাবোৰ মৰিশালিৰ গান আৰু উচুপনিবোৰ পাৰ হৈ
এটা কজলা পুখুৰী আছে
তাতে এটা ভেটফুলত থাকে মোৰ আই।
পাহাৰখন পাৰ হৈনো তই কেনেকৈ যাবি ককাই?
বতাহে তোক চেপি মাৰিব,
মেঘবোৰে তোক পুতি পেলাব,
তৰাবোৰে তোক মাৰিব পুৰি।
গান এটা হৈ মই যাম ভনী
শিলবোৰৰ মাজৰে
গছৰ পাতবোৰত কঁপনি তুলি।
মোকো তোৰ লগত নিবিনে ককাই?
ময়ো তোৰ আইক আই বুলি মাতিম,
তোৰ গানত মই চুলি মেলি দিম ,
হাত মেলি দিম বুকু খুলি দিম।
ভনী,তোক লগত নিলে আয়ে মোক খং কৰিব
মোৰ যে জাতেই নিসংগ…
মই তেনে চৰাই এটা হম ককাই
বৰষুণে মাৰিব মোক
মৰা চৰাই এটা হৈ যাম তোৰ কান্ধত উঠি।
No comments:
Post a Comment