কবিতা- নৰকত বসন্ত
কবি- ৰবীন্দ্ৰ সৰকাৰ
পাঠ- প্ৰৱাল গোস্বামী
এটা নষ্ট ৰঙালাউৰ বাবে ডাষ্টবিনত
অন্তহীন টনা আঁজোৰা
হিংস্ৰতাত ইজনে-সিজনৰ নেলু চেপি ধৰে
গেলা আবৰ্জনাত বাগৰ খায় নিৰন্নৰ স্বাধীনতা।
বাইশ বছৰীয়া চফল ডেকাই
ৰঙীন চশমাৰ ফাঁকেদি ৰঙ চায়।
হঠাতে ক'ৰবাত যেন কাঁচ ভঙাৰ শব্দই
ৰজনজনাই যায় ঘৰ__ দুৱাৰ__বিশ্ব সংসাৰ ...
ভৰিৰ তলৰ পৰা মূৰলৈকে তাৰ ৰক্তপ্ৰবাহ
চিৰিক্ কৈ জঁপিয়াই উঠে,
কিবা এটা যেন উল্কাপিণ্ডৰ দৰে,
প্ৰচণ্ড বেগেৰে বুকুৰ পৰা ওলাই আহিব খোজে।
ডাষ্টবিনত ৰঙালাউৰ স্থূলতাত
নাগৰিক যন্ত্ৰণাই চঁক খায়,
গোলাপৰ সুৰভিত মূৰ্ছা যোৱা মানুহজনে হাঁহে।
তথাপি বহাগ আহে।
কৃষ্ণচূড়া ৰঙে ৰঙে আৰু ৰঙা হয়,
বাটৰ কাষৰ নঙঠা ল'ৰাটোৱে
লঘোনত মাকজনী মৰাৰ পিছত
বাছষ্টপত থিয় হৈ
ৰৈ ৰৈ সুহুৰি দি কুলিৰ মাত মাতে।
আঃ নৰকত এতিয়া বসন্ত।
No comments:
Post a Comment