কবিতা- আইতা
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
এয়া আমাৰ আইতা, আশীবছৰীয়া :
মধ্যাহ্নৰ সূৰুযৰ প্ৰখৰ তাপত,
নাইবা
ঘনঘোৰ বাৰিষাৰ প্ৰলয় দিনত
জহকালি, জাৰকালি সকলোকে
উপলুঙা কৰি
ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি।
মধ্যাহ্নৰ সূৰুযৰ প্ৰখৰ তাপত,
নাইবা
ঘনঘোৰ বাৰিষাৰ প্ৰলয় দিনত
জহকালি, জাৰকালি সকলোকে
উপলুঙা কৰি
ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি।
আইতাক লগ পাই সুধিছিলোঁ মই :
"তুমি আই, লাখুটিত ভৰ দি,
খুপি খুপি বিচাৰিছা কি?"
"তুমি আই, লাখুটিত ভৰ দি,
খুপি খুপি বিচাৰিছা কি?"
আইতাই ঘোলা চকুযুৰি
মোৰ ফালে তুলি
একেষাৰ কথা মাথোঁ ক'লে :
"মই বিচাৰিছোঁ, বিচাৰিছোঁ কি,
তই নুবুজিবি, নুবুজিবি সোণ।
বিচাৰিছোঁ মই সেই কুৰিটা বছৰ,
মোৰ যৌৱনৰ, সপোনৰ
বাটৰ ধূলিত কিজানিবা আছে লীন হৈ।
মোৰ ফালে তুলি
একেষাৰ কথা মাথোঁ ক'লে :
"মই বিচাৰিছোঁ, বিচাৰিছোঁ কি,
তই নুবুজিবি, নুবুজিবি সোণ।
বিচাৰিছোঁ মই সেই কুৰিটা বছৰ,
মোৰ যৌৱনৰ, সপোনৰ
বাটৰ ধূলিত কিজানিবা আছে লীন হৈ।
গ্ৰীক কবিতা,পয়ইন( poiein) ( " to make") ১৭ শাৰী,হেম বৰুৱা ই নাইবা টো পৰিত্যাগ কৰি ১৭ শাৰী, পাঁচটা বাক্যত কবিতা টিৰ বিষয়বস্তু উত্থাপন কৰিছে।
ReplyDeleteখগেন ভৰালী ৰ অৰ্থছ ডেস্ক ৰ পৰা।
ReplyDeleteবৰ সোৱাদ লগা!
ReplyDelete