Monday, April 1, 2019

কবি হেম বৰুৱাদেৱৰ কবিতা "অনামিকা"

কবিতা- অনামিকা
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী


নিয়ৰ টোপালে এটি এটি কৈ চুই যোৱা দুবৰিডৰাৰ শেৱালিৰ স'তে, আহিছিলা তুমি, কোনো এক নিৰ্জন পুৱাতে। পৃথিৱীখন তেতিয়া নিতাল মাৰি শুই আছিল। সকলো নিমাত, তুমি, ভাষাহীন এলানি পোহৰ। মোৰ মনৰ অবাঙ্ময় কথাবোৰ, সেইবোৰো শুই আছিল, কেতেকী ফুলৰ আমোল-মোলোৱা গোন্ধৰ বুকুত, এলেহুৱা ফেটী সাপ এটা নিতাল মাৰি শুই থকাৰ দৰেই। তাৰ চকু দুটা একোটা জোনাকী পৰুৱা। মই নিস্তব্ধ, নিৰ্বাক। তুমি? তুমি বাৰু কি? সেইদিনা অনুচ্চাৰিত ভাষাৰ বহু সোঁত বৈ গ'ল, মোৰ নিমগ্ন চেতনাৰ পথাৰ ভেদি। কামৰূপীয়া বানপানী। বহু কথা কোৱা হ'ল শেষ। এতিয়াও বহু আছে বাকী। তোমাৰ জীৱনৰ পথ, মোৰ বাবে অচিনাকী। এক উত্তৰ বিচাৰি নোপোৱা জটিল সাঁথৰ। আৰু মোৰ পথ,__ ইমান গভীৰ আৰু ইমান তন্ময়, তুমি জানো চিনিব পাৰিবা? তুমি ভাই বুজিব নোৱাৰা। আমাৰ এই অচিনাকী পথঃ অপৰিচিত দুয়ো বাট বুলি বুলি, হঠাতে এদিন কোনো এক বাটৰ কেঁকুৰিত তুমি চিনি পালা মোক। মই চিনিলোঁ তোমাক। উচাপ খাই আমি দুয়ো স্তব্ধ হৈ গ'লো মৰমৰ খৰস্ৰোতা নৈ শিলনি বগাই বৈ গ'ল। বহু কথা কোৱা হ'ল শেষ। এতিয়াও বহু কথা আছে বাকী। তুমি কিয় শুনিব নোখোজা? মোৰ চকুৰ পতাত সেইবোৰ কথাঃ এবাৰ মাথোন শুনা, আছে একেধাৰে লেখা। তুমি বুজিকে নোপোৱা। তুমি অনাখৰী। মই কিন্তু জানো, এটা কথা জানো, খুব নিয়াৰিকৈঃ চকুৰ পতাত মোৰ বুকুৰ মৰমবোৰ, কষটি শিলৰ সোণোৱালী ৰেখা হৈ আছে। চম্পাকলি, কিমান যে নাম সাজি, মাতিছো তোমাক। বহু কথা কোৱা হ'ল শেষঃ এতিয়াও বহু কথা আছে বাকী, এখন বহল সাগৰ, তাৰ দিগন্ত চকুৰে নালাগে, মনেৰেও তুমি জানো মনিব পাৰিবা?



No comments:

Post a Comment