কবিতা- তোমালোকৰ
কবি- ভবেন বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
তোমালোকৰ দুখ তোমালোকৰ
তোমালোকৰ দুখৰ শিপাবোৰ তোমালোকৰ
তোমালোকৰ দুখৰ মাটিবোৰ তোমালোকৰ।
তোমালোকৰ দুখৰ বাবে
ৰ'দবোৰ বৰষুণবোৰ বতাহবোৰ
তোমালোকৰ
এটা চৰাই মোৰ গীতকো
তোমালোকৰ দুখৰ বন্ধু হ'বলৈ উৰুৱাই দিওঁ
সিও হোক
তোমালোকৰ
ক'লা পাত্ৰটোত যিসকলে পান কৰিলাঁ
যিসকলে পান কৰিলাঁ বনৰীয়া গছৰ ফলৰ তিতা ৰস
ৰাত্ৰিৰ পাত্ৰটোত___
বগা পাত্ৰটোত যিসকলে পান কৰিলাঁ
যিসকলে পান কৰিলাঁ বনৰীয়া গছৰ ফলৰ তিতা ৰস
দিনৰ পাত্ৰটোত____
স্থিৰ দৃষ্টিৰে সেইসকলে চাই ৰোৱাঁ
ক'লা পাত্ৰটোৰ ভিতৰলৈ
বগা পাত্ৰটোৰ ভিতৰলৈ
ভীত নহ'বা
ক্লান্ত নহ'বা
হতাশ নহ'বা
তোমালোকৰ তিক্ত শূন্যতাত
তোমালোক নিঃস্ব নোহোৱাঁ
তোমালোকৰ দুখ তোমালোকৰ
শিপাবোৰ মাটিবোৰ
ৰ'দবোৰ বৰষুণবোৰ বতাহবোৰ
সকলো তোমালোকৰ
তোমালোকৰ দুখৰ ডালত বহি
তোমালোকৰ দুখৰ পাতবোৰৰ মাজৰ পৰা
চৰাইটোৱে শুনাই ৰকঃ
তোমালোক নিঃস্ব নোহোৱা
তোমালোক নিঃস্ব নোহোৱা।
No comments:
Post a Comment