কবিতা- অক্টোবৰ
কবি- ড° হীৰেন গোহাঁই
পাঠ- প্ৰৱাল গোস্বামী
কঠোৰ কৰুণ শীতৰ ৰাতি
বাহিৰত
ক্ষুধিত বতাহৰ আৰ্ত্তনাদত
শিয়ঁৰি উঠিছিল কঙ্কালসাৰ গছৰ ডালবোৰ,
ভিতৰত
অৱশেষত
জঠৰ হৈ পৰা আমাৰ দেহবোৰৰ ওপৰত
মেৰমেৰকৈ কঁপি উঠিছিল পঁজাঘৰৰ জীৰ্ণ চাল,
আৰু পথাৰত
বৰফৰ গধুৰ মৰকাপোৰখন
হাঁহি উঠিছিল টিক্ টিক্ কৰে ৰঙা
ফুলপাহ,
যেন অস্তমিত সূৰ্য্যৰ শিশু!
সেই ঠাইতে ঢালি দিছিল
ডেকা সৈনিকবোৰে সিহঁতৰ ভৰযৌৱনৰ তেজ
বাকী দিছিল ভোকাতুৰ গাঁৱৰ তিৰোতাবোৰে
সিহঁতৰ অভাৱ আৰু অপমানৰ লুণীয়া চকুলোবোৰ
অজ্ঞাতনামা কবিবোৰে
ক্ষতচিহ্নৰে ভৰা সিহঁতৰ সপোনৰ পাহিবোৰ।
দুপৰ ৰাতি সাৰ পালোঁ
কলাঘুমটিৰ পৰা।।
ট্ৰাকে ট্ৰাকে ক'ৰ পৰা মানুহ আহি
সিহঁতৰ জয়গানেৰে
ডুবাই দিলে বতাহৰ হাহাকাৰ__
ভগা দৰ্জাই ভাহি আহে তাৰ কলিঃ
চোৱাঁ, আমাৰ ছন পৰা পথাৰত
কি আচৰিত ফুল ফুলিছে!
No comments:
Post a Comment