Saturday, March 30, 2019

ওলমি থকা গোলাপী জামুৰ লগ্ন

কবিতা- ওলমি থকা গোলাপী জামুৰ লগ্ন
কবি- নীলমণি ফুকন
পাঠ- প্ৰৱাল গোস্বামী


কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ এটা মূদ্ৰা

হে হৃদয়ৰ ভগা ডালত ওলমি থকা
গোলাপী জামুৰ লগ্ন।

জুই জ্বলি থকা নগৰৰ ওপৰত উৰি ফুৰা
এটা সামুদ্ৰিক চৰাই
ক্ৰমশঃ মৰি অহা এটা আঙুলি
বৰফ হৈ অহা এটা জুৰি

অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ
আন্ধাৰৰ পাগলাদিয়া

ডিঙিলৈকে সাগৰত ডুব গৈ থকা
দীঘল এটা গান

হে হৃদয়ৰ ভগা ডালত ওলমি থকা
গোলাপী জামুৰ লগ্ন।

বতাহৰ শূন্যতাৰ গভীৰত
নিশাৰ উন্মুক্ত বাঁহী

কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ হে প্ৰাচীন শিতলতা।



No comments:

Post a Comment