কবিতা- জীৱনৰ ৰং
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
ঘোলা কণীৰে সেকা
অমলেটৰ দৰে,
ৰ'দে পোৰা নগ্ন এই পৃথিৱীৰ গোন্ধ।
জীৱনৰ ধূলি আৰু পদূলিত,
শিল আৰু দূবৰিত,
কলুষতা জাবৰৰ দ'ম;
ঠিক যেন কুঁৱলীৰ গীৰ্জাঘৰত
মৃতাত্মাৰ সমদল।
মৃত্যুৱে জীৱনক উপহাস কৰে।
আমাৰ উলাহ উৎসাহ,
পোৰা কয়লাত জিপ জিপ বৃষ্টিপ্ৰপাত;
আমাৰ গীত আৰু সুৰৰ পোহৰ,
মৃতাত্মাৰ থৰ লগা চকুৰ ইঙ্গিত;
জোনাকৰ ফালে।
জীৱন উৱলি যায়,
মৃত আকাশৰ ছাঁ আৰু পোহৰৰ
মোহনা-মুখত।
জীয়াই থাকে মাথোন এমুঠি তৰাৰ
মিছিল,
জহি যোৱা ফুটছাইৰ অগ্নিকণা হৈ।
No comments:
Post a Comment