Tuesday, April 2, 2019

কবি ভবেন বৰুৱাদেৱৰ কবিতা "স্বচ্ছতা"

কবিতা- স্বচ্ছতা
কবি- ভবেন বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী


জলৰাশিত হৃদয় নামি গ'ল
আৰু লাভ কৰিলেগৈ অতল বেদনাৰ
স্বচ্ছতাৰ সুৰ ।

নল-খাগৰিৰ মাজত তাত অঁকা আছে
গুঞ্জনময় ৰেখাত
এখন মুখৰ স্বচ্ছ বেদনাবোৰ।

তাত দুই-এটা পচি যোৱা ফল।

সেই গভীৰতাত সকলো হ'ল স্বচ্ছ,
সকলো হ'ল নিৰূপিত__
হাতৰ ভৰ, পোহৰৰ ঢৌ, আন্ধাৰৰ বেগ

ধুমুহাৰ বাবে আৰু ভয় নাইঃ
কোনো উন্মাদ আলোড়নতো হেৰাই নাযায়
সেই স্বচ্ছতাৰ সুৰ।


No comments:

Post a Comment