কবিতা- মালতী
কবি- লক্ষ্মীনাথ বেজবৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
পূবৰে ৰ’দতে চিকমিক কৰিছে
লুইতৰ পাৰৰে বালি;
আকাশত উৰিছে তেনে চিকেমিকাই
বগলীজাকৰে লালি।
পাৰতে কঁহুৱাৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল,
মালতীৰ হাঁহিতে দাঁতে চিকেমিকাই
দেখোঁতেই আমোলমোল।
লুইতৰ কুঁৱৰী নহয় ঐ মালতী
নহয় তেওঁ ফুলৰে ৰাণী;
আকাশী পোহৰৰ নহয় তেওঁ প্রতিমা
নহয় তেওঁ বীণৰে বাণী।
পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰী
সাঁচত মোৰ মালতী নাই;
নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ
মালতীত তুলনা পায়।
ভাবৰে প্রতিমা ভাবতে বাঢ়িছে
ভাবৰে বেহানি কৰে;
বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত
মালতীৰ চেনেহকন চৰে।
চাম মই মালতীক ওৰে জীৱন জুৰি
থম মোৰ বুকুতে বান্ধি;
মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই
থাকিম কান্দোনতে কান্দি।
চেনেহী মালতীৰ কোলাত থৈ মূৰটি
মুদিম দুই চকুৰে পটা;
নিঠুৰ এই জগতৰ মেলানি মাগি লম
ঢুকাব সকলো কথা।
Maloti kobitat bajboruahr romantic vabdhra ki dore futi uthise alusona kora...plz help me.,?
ReplyDelete