কবিতা- গৰখীয়া সপোন
কবি- হীৰেন্দ্ৰনাথ দত্ত
পাঠ- প্ৰৱাল গোস্বামী
বহাগৰ এজোপা তিৰবিৰ আঁহত তলত
তাহানি এদিন দুপৰীয়া দীঘল দি,
অহা-যোৱা ডাৱৰবোৰ চাইছিলোঁ
মনিও নমনা ওপৰত চিলনী এটা
ঘূৰিছিল;
সুখ আৰু দুখৰ টাকুৰি ঘূৰণ,
অদুৰৰ হাবিখন এটা
ঝিলীৰ চিঞৰেৰে ভৰপূৰ__
সুখৰ কামনাৰ উজনি-ভাটি
স্তব্ধ পূৰ্ণতাত কোমল নিদ্ৰাৰ
বিচনী বুলন,
অনুচ্চ স্বৰত গোৱা শুৱলা নিচুকনিৰ গতিৰে
নিদ্ৰাই মোক আগুৰিলে;
কিন্তু খকমক্ কৈ টোপনি ভাঙি দিলে
এটা সপোনেঃ
দেখিলোঁ এটা ফেটী সাপৰ ফণাৰ ছাঁত
শুই থকা
সাধুকথাৰ সেই গৰখীয়া ল'ৰাটোক
যি পিছত ৰজা হৈছিলগৈ,
চকু মেলি ফেটী সাপৰ ফণা
অৱশ্যে দেখা নাপালোঁ,
কোনো জ্ঞানী বাটৰুৱাই
অবাক হৈ মোক চাই থকাও নাছিল,
মাত্ৰ ঝিলীৰ ওপচা মাতে
ভঙা টোপনিটো আকৌ পূৰাব খুজিছিল।
এতিয়া গছতলৰ গৰখীয়া সপোনটোৰ কথা
মনত পৰি হাঁহি উঠে যদিও
সপোনটো ঘূৰি ঘূৰি আহে,
কাৰণ দুপৰীয়া গছতলত
সেই দিনা সাৰ পাই উঠা নাইঃ
ফেটীৰ ফণাৰ ছাঁত শুই থকা
সেই সপোন।
No comments:
Post a Comment