Friday, May 10, 2019

আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ কবিতা "আমাৰ গাঁও"

কবিতা- আমাৰ গাঁও
কবি- আনন্দ চন্দ্ৰ আগৰৱালা
পাঠ- প্ৰৱাল গোস্বামী


শুৱনি আমাৰ গাঁওখন অতি
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি ফল ফুল লাগে
কত পাওঁ তলসৰা।

শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে,
শুৱনি নদীৰ পানী ভৰা ঘাট
মুদৈয়ে বেপাৰ কৰে।

চালত কোমোৰা লাও জিকা ভোল
ভঁৰালত জহাধান,
গোহালিত গৰু পুখুৰীত মাছ
বাৰীত তামোল পাণ।

গছৰ ডালত শুৱনি চৰাই
শুৱলা সঙ্গীত গায়,
শাকনিত শাক ফুলনিত ফুল
দেখিলে হিয়া জুৰায়।

ঘৰে ঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ,
ঘৰে ঘৰে ভাল চেনেহা চেনেহি
ঘৰে ঘৰে দেখোঁ সুখ।

ভাওনা সবাহ গীত ভাল পোৱা
মধুৰ মুৰুলী তান,
দহোটাৰ কাম একেজনে কৰা
চহাৰ সৰল প্রাণ।


No comments:

Post a Comment