Sunday, April 28, 2019

কবি মহিম বৰাদেৱৰ কবিতা "উভতি অহাৰ কথা"

"উভতি অহাৰ কথা"
কবি- মহিম বৰা
পাঠ- প্ৰৱাল গোস্বামী


আমি উভতোঁ ব'লা,

উভতিল পোহাৰিৰ দল কাষত সামৰি লৈ
মূৰৰ পোহাৰ,
উভতিল গৰখীয়া গৰুজাক লৈ।
দলে দলে আকাশৰ বুকু
মুখৰিত নিনাদিত উভতনি গান,
ডাউকী বগলী কত শগুণ শৰালি,
কল্পোলিত হংসবলাকা
ডেউকাত চকামকা সন্ধিয়াৰ শান্তিৰ ধোঁৱা।

দুচকুত জিলমিল পলৰীয়া স্মৃতি
চননিৰ, ধাননিৰ,
হাড় মূৰ মৰিশালি, হাবি বননিৰ;
সিহঁতৰ ডেউকাত নেমাতে তৰাই আৰু চকু টিপিয়াই।

আকৌ আহিব যাত্ৰা নতুন দল
এইদৰে উভতিব বাৰে বাৰে ঘৰমুৱা হৈ
পুখুৰীৰ কেঁচা দল-ঘাঁহৰে আগুৰা
শৰালিযুৰিৰ সেই শান্তিৰ বাহলৈ।

শৰালিৰ নীড় যেন তোমাৰ এযুৰি চকু
দল-ঘাঁহ এড়ালিৰ স্নিগ্ধতাৰে ধোৱাঁ
উদভ্ৰান্ত মনক মোৰ টানে তাৰ
অদৃষ্ট আহ্বানে;
ক্লান্ত দুটি ডেউকাত এৰালৰ এনাজৰী বান্ধ।

এইবাৰ উভতিলোঁ মই;
উভতিছোঁ যুগে যুগে ঘৰমুৱা হৈ
আমি যত তীর্থযাত্ৰী, চিৰকাল
মইনামতী, তোমাৰ প্ৰেমৰ।


No comments:

Post a Comment