Wednesday, July 10, 2019

কবি নীলমণি ফুকনদেৱৰ কবিতা "দুহাতেৰে তোমাক সাবটি লওঁ"

  • কবিতা- দুহাতেৰে তোমাক সাবটি লওঁ
  • কবি- নীলমণি ফুকন
  • পাঠ- প্ৰৱাল গোস্বামী


দুহাতেৰে তোমাক সাবটি লওঁ
আঁকোৱালি ধৰোঁ
তোমাৰ স্বপ্নৰ শৰীৰ

সোণ-হালধীয়া হৈ তুমি
শুই আছা

এই নিশা কি কেৱল বতাহৰ
কেৱল ফেউৰাৰ

একান্ত গোপনে আহি কোনে মোৰ
বুকুৰ মাজত
খান্দেহি সেই নিজান গীতৰ কবৰ

মোৰ টোপনিৰ ভাগ্য
মোৰ গধূলিৰ অতীত

দুহাতেৰে তোমাক সাবটি লওঁ
আঁকোৱালি ধৰোঁ
তোমাৰ অশ্ৰুৰ নাম


No comments:

Post a Comment