Monday, August 26, 2019

কবি লক্ষহীৰা দাসদেৱৰ কবিতা ''উপহাৰ''

কবিতা- উপহাৰ
কবি- লক্ষহীৰা দাস
পাঠ- প্ৰৱাল গোস্বামী


থুৰি কলপাত গৰকি বাট হেৰুওৱা
বতাহৰ সুহুৰি

মই মৰো নে জীও বতাহৰ
শুকুলা গোন্ধত
পাওঁ নে হেৰুৱাওঁ সহজ সুখৰ ছাঁ

তুমিতো নাজানা প্ৰত্যেক ফুলৰ
উৰণীয়া গোন্ধত, প্ৰত্যেক পখীৰ
সৰল সুহুৰিত
দিকচৌ বাটৰ ইঙ্গিত।

মোৰ ভিতৰৰ মানুহটো
কাতৰ হৈয়ো অকাতৰ
কৰপুটে সি কেৱল তুলি লয়
তোমাৰ সকলো উপহাৰ
প্ৰেমৰ অথবা ঘৃণাৰ।


No comments:

Post a Comment