কবিতা- মেলানিৰ দান
কবি- যতীন্দ্ৰ নাথ দুৱৰা
পাঠ- প্ৰৱাল গোস্বামী
মোৰ বাবে তুমি
নুৰুবা মালতী ফুল,
জীৱনত কিয়
মিছাতে বঢ়োৱা ভুল?
ফুলো নুফুলিব
মৰহিব গছ পুলি,
ফুলিলেও চাবা
ঢোপাতে সৰিব কলি।
সেয়েহে কৈছো
নুৰুবা মালতী পুলি।।
মাজ সাগৰত
নাওখনি টুল বুল
মোৰ লগতেই
তোমাৰো হেৰাব কুল।
অকলে পাৰত,
সন্ধিয়াৰ ছবি চাবা,
তোমাৰ বুকুতে
তাৰে বোল সানি লবা,
সপোনৰ ছবি
দিঠকতে তেহে পাবা।
জীৱনত মোৰ
উটি গ'ল সুৰ লয়
আঁতৰি থাকিবা
নহলে পৰিব জঁই।
নিশাহত মোৰ
নিৰাশা বতাহ বয়।।
চিকুণাই ৰাখা
তোমাৰ ফুলনি খনি,
উৰিব পখিলা
সোণালী কিৰণ সানি,
সমীৰণ ব'ব
নতুন বাতৰি কই,
জোনায়ে হাঁহিব
তৰাক লগৰী লই;
উলাহতে গাবা
মধু মিলনৰ গান,
সেয়ে হ'ব মোৰ
চেনেহ মেলানি দান।
তুলিব সেয়েই
সন্ধিয়া সুৰৰ তান।।
No comments:
Post a Comment