Wednesday, September 4, 2019

কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতা ''জীৱনৰ দলি''

কবিতা- জীৱনৰ দলি
কবি- চন্দ্ৰকুমাৰ আগৰৱালা
পাঠ- প্ৰৱাল গোস্বামী


কোনে জানে কিবা বিচাৰি আহিছোঁ
নিজেও নোৱাৰোঁ কব
আপোনাৰ ভাৱ আপুনি নেজানো
নেজানো পিছে কি হব।

কি কামত আহি কিহত ঘূৰিছোঁ?
এফেৰি চিন্তাও নাই।
বাট পথ এৰি ইমান ঘূৰোঁতে
বাটো পাহৰিলোঁ হায়!

লক্ষ্যভ্ৰষ্ট নেকি জীৱনৰ দলি?
উফৰি ত্ৰিভুৱন দেখো!
ধেমালিতে আজি অত দিন গ'ল!
এতিয়া কি লেখ লেখোঁ।

কিহে নো ভুলালে, কিহৰ ৰাগীত
ইমান বলিয়া হ'লো।
মোক সামৰিব কোন লগৰীয়া?
মইযে অকলে ৰলোঁ।


No comments:

Post a Comment