Monday, September 9, 2019

কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ কবিতা ''দিনকণা''

কবিতা- দিনকণা
কবি- মফিজুদ্দিন আহমদ হাজৰিকা
পাঠ-প্ৰৱাল গোস্বামী


হেৰা, হেৰা হাটৰুৱা, মৰমৰ ভাইহঁত; নেৰিবা নেৰিবা মোক এই মায়া-বজাৰত। দুহাত যুৰিছোঁ মই কাবউ-কাকূতি কৰি; অকলে নেৰিবা মোক আলাই-আথানি কৰি। তোমালোকো যোৱাঁগই মোকো হেৰা লই যোৱাঁ; দুখীয়া নিচলা বুলি এফেৰি উভতি চোৱাঁ। হাতৰ লাখুটি ইযে মেলি দিছো হেৰা ভাই, ধৰাঁ, ধৰি কোনোমতে নিয়াঁ মোকো আগুৱাই, কেনিবা যাবগৈ লাগে চকুৰে নমনো মই; খুন্দা ও খুন্দলি খাই যেনি তেনি পৰোঁ গই। আমাৰ নিচিনা এনে দুখীয়া লেহেৰা দেও, এই বিশ্ব-বজাৰত নাই আৰু ক'তো কেও। সি দেখি মাতিছোঁ মই অতযে মিনতি কৰি, আহাঁ, আহাঁ, ভাইহঁত, নিয়াঁ মোকো বাহু ধৰি। বেছিতো নালাগে মোক, এফেৰি পোহৰ মুঠে, তাকে পালে উলাহতে হিয়া মোৰ নাচি উঠে। এটুপি চকুৰ লো, এখনি কোমল হিয়া, এষাৰি "আয়ৈ দেহি", আৰু এটি হুমুনিয়া; ইয়াৰ উপৰি আৰু একোকে নালাগে মোক, ইয়াকে পালেই মোৰ গুচি যাব যত শোক। আমনি নকৰোঁ আৰু কাকো ক'তো, হেৰা ভাই, আহাঁ, আহাঁ, ঘূৰি আহি নিয়াঁ মোক আগুৱাই। আগে আগে তোমালোক পিছে পিছে ময়ো যাওঁ, তযু পোহৰৰে যেন এচেৰেঙা ময়ো পাওঁ, নহ'লে মৰিম মই আলাই-আথানি হই, কেনিবাদি এন্ধাৰত খালে-বামে পৰি অই। ওখোৰা-মোখোৰা বাট, তাতে ই এন্ধাৰ ঘোৰ, তদুপৰি দুই কান্ধে মেটমৰা বোজা মোৰ। খোজে পৰি উজুটিত চুলি-আগে গৈছে জীৱ, হায়, আগে জনা হ'লে আজি এনে দশা কিয়? বজাৰত ভোল গ'লো লীলা-মলা চাই চাই, চাকি তেল শলিতাযে নেবেহালোঁ, হায় হায়! এতিয়া বুৰিল বেলি, হ'লেহি এন্ধাৰ ঘোপ, লাহে লাহে ভাগিলেহি গৰাকীৰো দলদোপ। অকলে কেনেকৈ যাওঁ, কি হ'ব উপায় মোৰ; সাৰথিও নাই, নাই কিম্বা চাকি বন্তি জোঁৰ। নিগমে মৰিলোঁ মই, কোন কেনি আছাঁহক, উধাৰাঁহি আজি এই দিনকণা অধমক। এনেনো ধেন্দেলা মোক কৰিলে বিধিয়ে হায়, উহু, কি কপাল পোৰা! ভৰিও পিছলি যায়। খোজে পতি ঘৰামুটি ঘনে টেলেঙনি খাওঁ; 'সহায় সহায়' কৰি ইপিনে-সিপিনে চাওঁ। নেপাওঁ কেনিও হায়, এখনি সহায়-হাত, নুশুনো কেনিও হায়, এষাৰি সুৱলা মাত। যাৰেই গুৰিলৈ যাওঁ, সেয়ে মুখ ওফোন্দায়, চকুহে টেলেকা কৰি গোঙোৰাকৈ ঘূৰি চায়। যেয়ে সেয়ে চেই চেই য'তে ত'তে দূৰ দূৰ, যাকে মাতোঁ, সেয়ে মাৰে কিল, ভুকু, লাঠি, গোৰ। হায়, কি কপাল মোৰ এয়েনে আছিল লেখা? উহু, কি এন্ধাৰ বাট, নেপাওঁ অকণো দেখা। সাৰথি মাথোন এই কণাৰ লাখুটিডালি, তাৰেহে খোপনি পুতি কোনোমতে হালি-জালি, এখুজি দুখুজি কৰি আহিছোঁ হে ভাইহঁত, নেঠেলিবা নেঠেলিবা, লোৱাঁ মোকো কাষৰত। কাবউ কৰিছোঁ মই, দুখনি ভৰিত পৰি; নিচলা আতুৰ বুলি নিয়াঁ মোকো ধৰি ধৰি; খন্তেকলৈ খেনি কৰি খন্তেকলৈ অপমান, কিয় ভাই, নাহকতে বিনাশিবা এটি প্ৰাণ? এতেকেহে লগে-ভাগে নিয়াঁ নিয়াঁ বাহু ধৰি, কোনোমতে ময়ো যাতে যাব পাৰোঁ মৰি পৰি। দেখোঁ অত কাকূতিতো নাহিলেযে কেও হায়, মানুহৰ পৰা তেন্তে আশা আৰু নাই নাই। এবে, তোমাকেহে খাটো হে প্ৰভু, দয়াময়,__ আজি মহাবিপদত বিতত বিচূৰ্ত্তি মই; কেৱে নেতাৰিলে মোক; নেলাগিল কাৰো বেথা; তুমিয়েহে তৰোৱাঁহি ভাঙি এই মহা লেঠা; অগতিৰ গতি তুমি, অনাথৰ নাথ শুনো; তেন্তে ই বিলাই মোৰ চাই আছাঁ কেনেকৈনো? কণা অধমৰ ফালে, কৃপা-চকু মেলি চাই, তাৰাঁহি হে দয়াময়া, ৰসাতলে গ'লো হায়!


No comments:

Post a Comment