কবিতা- এখন চিঠি
কবি- হেম বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
মৰমৰ...
নিবিড়ভাৱে মোৰ মনত পৰিছে,
মমতা,
বিদায় মৌন নিথৰ মুহূর্তত
তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল।
তাৰ উত্তৰত মই মাথোঁ নিৰুত্তৰ হৈ ৰলোঁ।
সেইবোৰ অনাখৰী কথা আজিও অন্তৰত
পর্বতীয়া বনপোৰা জুই হৈ আছে ।
ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ
পর্বত আৰু পর্বত, যাৰ বাহু-বন্ধনত
কল্পনা ছাই হৈ যায়।
এই পর্বতবোৰতে প্ৰতিধ্বনি হৈ আছে
আমাৰ বুকুৰ তেজৰ চেঁকুৰাবোৰ,
অন্তৰৰ জুইশিখা,
আৰু মৰমৰ মৰিশালিবোৰ।
এইখন এখন মহাকাব্য, পর্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী।
দূৰণিত ৰৈ ৰৈ এয়া শুনিছোঁ কি?
শত্ৰু কামানৰ গর্জন। দেখিছোঁ কি?
ধোৱাঁ আৰু ধোঁৱা।
এটা কথা জানি থোৱা, শুনাঃ
মৃত্যুৱে যদি অভিনন্দন জনায়,
সেই মৃত্যু পাৰিজাত ফুল,
তাত দেৱতাৰ আশীর্বাদ আছে ।
.......
সর্বশেষত,
তোমাক একেষাৰ অনুৰোধ কৰোঁঃ
এই যে আমাৰ ল'ৰা দুটা,
সিহঁতক কেতিয়াও
পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা।
সিহঁতক মাথোন একেষাৰ কথাকে ক'বাঃ
যি মৃত্যুৱে দহক জীৱন দিয়ে,
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ ।
আজিলৈ সামৰোঁ দেই,
— দীঘলীয়াকৈ চিঠি লেখিবলৈ আজৰি নাই।
মৰম জানিবা । ইতিঃ তোমাৰ...
আকৌঃ
এয়া আদেশ আহিছে। যাব লাগে।
শত্ৰু-সৈন্যই চেলা গিৰিপথ অতিক্ৰম কৰিছে।
চিঠিখন আজি ডাকত দিয়া নহ'ব।
আকৌ মৰম।...
Val house
ReplyDelete