কবিতা- পদুমৰ অভিযান
কবি- অমূল্য বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
অসুখীয়া মনে মোৰ
অসুখৰে ভাৰ বই
অসুখৰ সাধনাকে সাধি
নিজৰ অসুখ বুলি
পৰকো অসুখী কৰি
দুঃখ দিয়ে জীৱন অৱধি।
অসুখৰে খেলা খেলি
জীৱনৰ আধা বেলি
মিছাকৈয়ে দিলোঁ উটুৱাই;
সুখৰ বসুধা খনি
দুখৰ আন্ধাৰে ঢাকি
আন্ধাৰতে গলো ভটিয়াই।
বহুদূৰ বাট বুলি
ভাগৰৰ বেমেজালি
বেদনাৰে বোজা বান্ধি লই;
নিৰাশ দুপৰ নিশা
পালক পালিকা তৰি
নাওখনি মেলি দিলোঁ মই।
লক্ষ্যহীন তৰণীৰ
গতিহীন নিৰৱতে
ভেদকৰি গলোঁ বহুদূৰ
নিজান নিমাত হায়
জীৱন সাগৰ পাৰ
এতিয়াও পৰা নাই ওৰ।
ধীৰে ধীৰে যাব মোৰ
বাধাহীন নাও খনি
দূৰ আৰু অতি দূৰলৈ;
ছিগি গ'ল আলজৰী
ফুটি য'ক নাও তলি
তথাপিও ভটিয়াম মই।
যেতিয়া শিকিম মই
ভাললগা কথাবোৰ
বতাহতে বৰষিম মই,
ভয়লগা সাগৰৰ
বিভীষিকা হৰষত
উটুৱাম কাটি শত ঢ'উ।
তেতিয়া কৰিম মই
দৰদী প্ৰিয়াক মোৰ
পৰাণৰ প্ৰিয়া বিনন্দীয়া
হাত পাতি খুজি লম
তথাপিও যত ফুল
মৰমৰ মালা গাঁঠি দিয়া।
অপূৰ্ব কাব্যিক আবৃত্তি
ReplyDeleteআন্তৰিক ধন্যবাদ জনালোঁ । আপোনাৰ মন্তব্যয়ে আমাক অনুপ্ৰাণিত কৰিলে ।
Delete