কবিতা- স্বগতঃ
কবি- হীৰেন্দ্ৰনাথ দত্ত
পাঠ- প্ৰৱাল গোস্বামী
এদিন মুনি-চুনি বেলিকা মাজ পথাৰত
এটা বলিয়াই চিঞৰিছিল
মাত ভাগি যোৱালৈকে,
বিহ দিয়া জানত
ঢেলপোঙা দিয়া মাছবোৰ
উচপ খাই উঠালৈকে
ৰিঙিয়াইছিল,
চবকাত পৰা গৰুজাকে
তধা লাগি চোৱালৈকে
ঘুৰ্মটিয়াই থকা কণামুচৰিটোৱে
চকু মেলি যোৱালৈকে
জৰি গছজোপাৰ কাউৰীজাক
জাঙুল খাই নুঠালৈকে
টোকনি পুখুৰীটোৰ পুণিবোৰ
মেল নোখোৱালৈকে
ৰিঙিয়াইছিলঃ
"আমি খৰি লুৰা হাবিখন গ'ল ক'লৈ
গৰু চৰোৱা চাপৰিটো লুকাল ক'ত
আৰু বাঁহপাতেৰে ঢকা আলিটো?
পথাৰৰ মাছবোৰ, গলধন ধৰা ম'হবোৰ
গছী ধানৰ ভঁৰালবোৰ নিলে কোনে?
হেৰ' কোন ক'ত মৰিলিগৈহঁক?"
তেতিয়া ভাবিলোঁ
হাবিতলীয়া গাঁৱৰ পুৰণি সোঁৱৰণি
মাথোন আৱৰি-সাৱৰি
জপাত থলেও বৰ কাপোৰ
পোকে কুটে,
কালৰ গতিৰ বিপৰীতে
বলিয়াইহে বলকে।
এতিয়া, বাঁহপাতেৰে ঢকা
আলিটোৰপৰা দূৰলৈ
আহি আছোঁ মানে
এটা পুৰণি বিষে উকোৱাৰ দৰে
ভাব হৈছে__
গাঁৱৰ ল'ৰা বুঢ়া চহৰৰ চুৱনি
ওলালহিহেঁতেন জানো
যদি আমাৰ চৰণীয়া চাপৰিটো
থাকিলহেঁতেন,
যদি আমাৰ খৰি লুৰা হাবিখন
ৰাখিব পাৰিলোহেঁতেন?
বাঁহনিৰ ছাঁ আৰু কাঠনিৰ এন্ধাৰ
আমাৰ বোপা-ককাৰ তেজ,
বাঁহনিৰ আগত দেখা
ধুমুহাৰ দৰে
যি উঠিছিল নামিছিল।
No comments:
Post a Comment