কবিতা- দুখৰ দিনৰ কঠিন শব্দবোৰে
কবি- ৰবীন্দ্ৰ বৰা
পাঠ- প্ৰৱাল গোস্বামী
যন্ত্ৰণাৰ কৰতেৰে কাটি-ছিঙি পেলোৱা
বিক্ষিপ্ত চেতনাত
যেতিয়া জুই জ্বলে দপদপকৈ
আৰু সমগ্ৰ সত্তাৰ সিৰা-উপসিৰাইদি
বৈ যায় তেজৰ উষ্ণ ধাৰ,
তেতিয়াও শিশুৰ হাঁহিৰ দৰে
উজ্জ্বল এমুঠি পোহৰে মোক খেদি ফুৰে
আৰু এনেকৈয়ে দুখৰ দিনৰ কঠিন শব্দবোৰে
বাৰে বাৰে মোক আঘাত কৰে।
বিপক্ষ সেনাৰ প্ৰচণ্ড শক্তিৰ দৰে
যেতিয়া মোৰ চৌপাশে আগুৰি থকা
দৈত্যকায় গোপন গুহাবোৰে
মুখ মেলি খেদি আহে
আৰু অযুত ব্যৰ্থতাৰে গধুৰ হৈ পৰে
প্ৰাণ-প্ৰাচুৰ্যৰ এই অস্তিত্ব;
সেই জুই আৰু দুগুণে জ্বলি উঠে।
তেতিয়াও মই দেখা পাওঁ চকু মুদি
শাণিত অস্ত্ৰৰ ধাৰ যেন বৈ থকা
এখনি উত্তাল নৈ, ভীষণ শব্দেৰে
বাগৰি যায়, পলস পেলায়
নগৰে-চহৰে, পথাৰে পথাৰে…
No comments:
Post a Comment