কবিতা- ই যে অগ্নি-বীণাৰ তান
কবি- অম্বিকাগিৰী ৰায়চৌধুৰী
পাঠ- প্ৰৱাল গোস্বামী
এইটো নহয় হাঁহি-তামাচাৰ ভাগৰ জুৰোৱা গান__
ই যে জীৱন-মৰণ একাকাৰ কৰা অগ্নি-বীণাৰ তান।
ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ,
ই যে ৰুদ্ধ আত্ম-বেদনা নিজৰি ওলোৱা অনল ভাপ।
ই যে সুধাৰ কাৰণে দেৱ-দানৱৰ সিন্ধু-মথন গান,
ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহা হলাহল পান।
ই যে মাতৃ-চৰণ-পূজাৰ বেদীত হৃদয় ৰক্ত দান,
ই যে ভাই ভাই সৱে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ।
ই যে হীনতা-নীচতা, ভীৰুতা-দীনতা জোঁকাৰি পেলোৱা ভাৱ,
ই যে এক ৰূপ ৰসে, এক ৰঙে-চঙে এক কৰি দিয়া ছাৱ।
ই যে মহা মানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান,
ই যে উৎপীড়নৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিযান।
ই যে সুপ্ত জীৱন-চকোৱা জগোৱা বজ্ৰ নিনাদ তান,
ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃঙ্খল অভিযান।
ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াবহ ইতিহাস,
ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণভৰা অভিলাষ।
ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান,
ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰা ধ্যান।
ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহাবান,
ই যে মাতৃ-আদেশ, সন্তান-প্ৰাণ দিবলকে বলিদান।
No comments:
Post a Comment