Tuesday, February 25, 2020

অপৈণত প্ৰেমিকৰ স্তৱক

কথা আৰু পাঠ- প্ৰৱাল গোস্বামী


(১)
চকুত চকুথৈ ক'বলৈ বৰ কঠিন
কিমান দুখত নিয়ৰ সৰে?
কিমান সুখত নিয়ৰ জিলিকে?
তুমি আকাশ নে সুৰুয!!
মই নাজানো
মই নিয়ৰ।

(২)
এতিয়া কথাবোৰ শিল হ'ব নোৱাৰে,
এতিয়া অভিমানবোৰ মৌ হ'ব নোৱাৰে।
সময়ে যে কি অদ্ভুত খেল খেলে।
স্মৃতিৰ মৰিচিকাত আশাবোৰে
জুইৰ সৈতে অলং-দলং খেলি থাকে।

(৩)
বহু কথায়ে কবলৈ মন যায় তোমাক
বহু কথায়ে শুনিবলৈ মন যায় তোমাৰ
কবিতাইনো কিমান নিচুকাব পাৰে বুকু?
আকৌ এবাৰ প্ৰেমত পৰিবলৈ মন যায় তোমাৰ।



No comments:

Post a Comment