কবিতা- মোৰ লক্ষ্য
কবি- লক্ষ্যধৰ চৌধুৰী
পাঠ- প্ৰৱাল গোস্বামী
(১) মই গান্ধীজীৰ দৰে হ’ম সদায় সত্য পথত ৰ’ম অহিংস ব্রতেৰে জগত-জিনিম সত্য কথাহে ক’ম মই গান্ধীজীৰ দৰে হ’ম। (২) মই হ’ম জৱাহৰলাল পৰাধীনতাৰ সাগৰ-সাঁতুৰি তৰিম জয়ৰ পাল মই হ’ম জৱাহৰলাল ।
(৩) মই হ’ম আজাদৰ দৰে বচনত ধীৰ কামত গম্ভীৰ দেশৰ কাৰণে সকলো স্বার্থ বলি দিম অকাতৰে । (৪) মই নেতাজী সুভাষ হ’ম বিপ্লৱৰ অগনি জ্বলাই জয় হিন্দেৰে মেদিনী কঁপাই পর্বত লঙ্ঘি,সাগৰ নেওচি মই নেতাজী সুভাষ হ’ম । (৫) মই হ’ম জয় প্রকাশ নহঁও কাৰোৰে দাস কৃষক বনুৱাৰ উন্নতি সাধিম উচ্চ-নীচৰ শিপা উঘালিম নিজৰ ভৰিত নিজে থিয় দিম নকৰো পৰত আশ মই হ’ম জয় প্রকাশ । (৬) মই হ’ম সৰোজিনী বিশ্ব বিজয়িনী সুপ্ত ভাৰত জগাই তুলিম ঢালি সঞ্জীৱনী মই হ’ম সৰোজিনী । (৭) মই হ’ম কর্মবীৰ চিৰ উন্নত শিৰ নামতো নবীন কামতো নবীন বীৰ পুত্র জননীৰ মই হ’ম কর্মবীৰ । (৮) মই হ’ম দেশভক্ত তৰুণৰাম দেশৰ কাৰণে সকলো তিয়াগি যুঁজিম অবিৰাম ৰাখিম দেশৰ নাম মই হ’ম তৰুণৰাম । (৯) মই হ’ম কণকলতা প্রাণ বলি দিয়ো উদ্ধাৰি আনিম দেশৰ স্বাধীনতা মই হ’ম কণকলতা । (১০) মই কুশল কোঁৱৰ হ’ম নির্ভীক অহিংস বীৰ সদায় উন্নত শিৰ দেশৰ কাৰণে দহৰ কাৰণে হাঁহি হেলাৰঙে ডিঙিত চিপজৰী ল’ম মই কুশল কোঁৱৰ হ’ম ।
No comments:
Post a Comment