Wednesday, February 5, 2020

তোমালৈ


কবিতা- তোমালৈ

কবি- ভগৱতীপ্ৰসাদ বৰুৱা

পাঠ- প্ৰৱাল গোস্বামী


গোলাপৰ কোমল কোলাত নিয়ৰৰ একণি টোপাল, নীৰৱতে পাহি মেল খায়, সকলোটি নিমাত-নিটাল। দুপৰৰ সূৰুযে যেতিয়া মেলিলেহি পোহৰৰ জাল, হাঁহি-মুখে নিয়ৰৰ প্ৰাণ গোলাপৰ বুকুতে লুকাল। শুনা আজি তাহানিৰ মোৰ জীৱনৰ প্ৰথম অধ্যায়, ধীৰে ধীৰে ধীৰে মেল খাই তেতিয়াও মাৰ যোৱা নাই। পুৱঁতিৰ সেই পোহৰত তুমি মোৰ ওচৰ চাপিলাঁ, পোহৰতে এন্ধাৰেৰে মিলি তুমি মোক সাবটি ধৰিলাঁ। পোহৰৰ এন্ধাৰৰ চাকি চাঁট কৰে এবাৰ নুমালে, কিবা এক নতুন পোহৰে জগতৰ জেউতি চৰালে। এয়ে পোহৰৰ এন্ধাৰৰ মেলা তুমি দেখোঁ সুৎ কৰে গই মোৰ হৃদয়ৰ পৱিত্ৰ থাপনা, তাতে বহি আছাঁ মাত-বোল থই। তেতিয়াৰ পৰা আৰু মোৰ মাতিবৰ মন যোৱা নাই, মাথোঁ ধূপ আৰু ধূনাৰ গোন্ধত অন্তৰত নই বই যায়। তেতিয়াৰ পৰা আৰু মোৰ সকলোটি নিমাত-নিটাল, নীৰৱতা সোণৰ সঙ্গীত, নীৰৱতা সুললিত তাল। তোমাক বুকুত লই নাও মোৰ নীৰৱে চলিছে, এই মহাসিন্ধু নীৰৱতা ভেদি ক'ত জানো অন্ত পৰিছে!




No comments:

Post a Comment