সৰু বস্তু
কবিতা- সৰু বস্তু
কবি- বিনন্দ চন্দ্ৰ বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
এটোপ এটোপ কৰি
ডাৱৰৰ পানী পৰি
ভৰি গ’ল বহল সাগৰ,
কণ কণ বালি চাহী
ইটে-সিটে লগ লাগি
সাজি দিলে ধৰণী ডাঙৰ ।
পল অনুপল কৰি
ডাঁৰ দিন মাহ চৰি
যুগ যুগ পাৰ হৈ যায়,
এটি দুটি কৰি গঁথা
মৰমৰ মাত কথা
জগতক সৰগ কৰায় ।
অকল সুখেৰে ভৰা
নহয় জানিবা ধৰা
দুখো আছে সুখৰ লগত
এটি মাথোঁ হাঁহি সৰি
জগত পোহৰ কৰি
সুখে ভৰা কৰিছে মৰত ।
No comments:
Post a Comment