কবিতা- প্ৰস্তাৱনা
কবি- হীৰেন ভট্টাচাৰ্য
পাঠ- প্ৰৱাল গোস্বামী
মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা ।
কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত । মোৰ
তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা ।
যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝন্ঝননি । সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি । সমুখৰ
শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিঃশব্দে তুলি লওঁ ছহিদৰ দেহা।
মোৰ তেজৰ শিখাত
বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা ।
No comments:
Post a Comment