Saturday, March 21, 2020

দৃশ্য

কবিতা- দৃশ্য
কবি- নীলমণি ফুকন
পাঠ- প্ৰৱাল গোস্বামী


এটা পুৰণা পুখুৰী, পানীৰ ওপৰত
ইলেকট্ৰিক লাইটৰ পোহৰ

নিমাওমাও পৃথিৱী, পানীৰ তলত
ভগ্ন কন্ঠস্বৰ

নিথৰ গছৰ পাত, পানীৰ ওপৰত
কম্পিত নিস্বন,
নিচুক বীণাৰ তাঁৰত
বাঁকৰ নখৰ আঘাত

পাৰৰ ঘাঁহনিত হঠাৎ মৃদু কম্পন, হঠাৎ
মোৰ ভৰিৰ আঙুলিত এটা শীতল স্পৰ্শ
এটা সাপ
এটা পুৰণা পুখুৰী, পানীৰ ওপৰত
বতাহৰ আস্ফালন


No comments:

Post a Comment