কবিতা- তোমাৰ ওচৰলৈ যোৱা এই যে তৰুণ কবি
কবি- সনন্ত তাঁতি
পাঠ- প্ৰৱাল গোস্বামী
তোমাৰ ওচৰলৈ যোৱা এই যে তৰুণ কবি
তুমি চাগে' কোনোদিনেই কামনা কৰা নাই তেওঁৰ পদাতিক
শব্দবোৰত কোনো বিস্ফোৰণ
কামনা কৰা নাই তোমাৰ হৃদয় অথবা যকৃতৰ ভিতৰতে উজ্জ্বল সূৰ্যোদয়
অথচ প্ৰত্যেক কবিৰেই ভাল পোৱাৰ ক্ষমতা আছে
হৃদয়ক কোনো পথাৰৰ দৰে বিস্তৃত কৰি তাত ফুল ফুলাবলৈ
মই জানো শস্যৰ খেতি কৰিবলে' আগ্ৰহী প্ৰত্যেকজন কবি__
অন্ততঃ ভাৰতীয় কবিৰ শব্দত মাজ নিশা সাৰ পায়
নিস্পেষিত মানুহৰ হৃদয়ত যুদ্ধাকাংক্ষা
তৰুণ কবি
তোমাৰ ওচৰলৈ গ'ল আৰু উভতি আহিল ধুমুহাৰ দৰে এই যে
এই তৰুণ কবিৰ প্ৰাণময়তাত উদগ্ৰীব অনন্ত নিস্পেষিত মুখ
মই জানো কবিৰ হৃদয় কঁপে__
কঁপে তেওঁৰ সমগ্ৰ চেতনাত আৰক্তিম বিপ্লৱী পতাকা
তুমি চাগে' কোনো দিনেই এই শব্দ বিচাৰি যোৱা কবিৰ মনত আবদ্ধ
তোমাৰ দেশৰ প্ৰতি অনন্ত ভাল পোৱা বসন্তৰ কথা নাজানা
অথচ মই জানো তেওঁৰ নিৰহংকাৰী প্ৰেমৰ কথা প্ৰণয়ৰ কথা
তোমাৰ ওচৰলৈ যোৱা এই যে তৰুণ কবি
যাৰ চকু আৰু হৃদয়ত উৰি যায় মুক্তিৰ অস্থিৰতা__
তুমি চাগে' কোনোদিনেই তেওঁৰ পদাতিক শব্দবোৰত
কামনা কৰা নাই কোনো বিস্ফোৰণ
কামনা কৰা নাই নিষ্পেষিত হৃদয়ক ভাল পোৱাৰ বাবে
তোমাৰ হৃদয় অথবা যকৃতৰ ভিতৰতে সূৰ্যোদয়
অথচ প্ৰত্যেক কবিৰেই ভাল পোৱাৰ ক্ষমতা আছে
মই জানো অন্ততঃ ভাৰতীয় কবিৰ হৃদয়ত উৰি যায় অনন্ত বিদ্ৰোহী বসন্ত।
No comments:
Post a Comment