ওভতনি
কবিতা- ওভতনি
কবি- হেমাঙ্গ বিশ্বাস
পাঠ- প্ৰৱাল গোস্বামী
ল'ৰাটো উভতি নাহিল
মাথোন দুকেজিৰ পিয়াহ লৈ
গুলিবিদ্ধ উদং মোনাটি
ভৰ-দুপৰীয়াত
বোকা সানি পৰি আছে নৰ্দমা দাঁতিত।
ৰেচন লাইনৰ পৰা ল'ৰাটো
আজিও উভতি নাহিল।
লঘোনীয়া মাকজনী ভেলেঙী চকুৰে
বাট চাই থাকে,__
সি আহিব।
সিদিনা এজাক বৰষুণে
ৰাজআলিৰ শুকান তেজৰ ফোঁট
ধুই নিকা কৰি থৈ গ'ল।
গোবৰা গোৰস্থানত
উৰুঙা মদাৰৰ কাঁইটে কাঁইটে
ডোঙা-ডোঙে তেজ
ফুল হৈ ফুলিল।
সৌৱা বসন্ত আহিলঃ
ৰঙা নিচানৰ হেন্দোলনি
দূৰণিত মিছিলৰ ধ্বনি
তাই উলাই আহিল।
"সি আহিব ধৰিছে?"
No comments:
Post a Comment