ব'হাগ
কবিতা- ব'হাগ
কথা আৰু পাঠ- প্ৰৱাল গোস্বামী
পিতাইৰ স'তে উঠা ফটোত
তোৰ মুখলৈ চালে
ৰ' লাগি চাই থাকিবলে' মন।
তই বাৰু মোৰ বাবেও
কপালত আঁকি ল'ব নোৱাৰনে
পূৱৰ দোকমোকালি বেলি?
মোৰ যে চাবলৈ বৰ হেঁপাহ আই
আকাশ আৰু পাহাৰত
সূৰুযে পোহৰ সিঁচি দিয়া ছবি।
ব'হাগত প্ৰকৃতিয়েও বৰণ সলায়
তোৰনো ব'হাগ কেতিয়া আহিব আই ?
মই জনা হোৱাৰ দিনৰে পৰা
তোৰ একেযোৰেই সাজ।
No comments:
Post a Comment