কবিতা- এজন কবিৰ কবিতা পঢ়ি
কবি- ৰবীন্দ্ৰ সৰকাৰ
পাঠ- প্ৰৱাল গোস্বামী
কাৰণ তেওঁ এজন মানুহ।
কাৰণ তেওঁ এজন কবি।
তেওঁ
বেলিটো বুকুত লৈ
আকাশলৈ
মেলি দিয়ে হাত
দৃষ্টি
নক্ষত্ৰৰ ফালে স্থিৰ।
তেওঁ
জোনটোকো
নমাই আনিব বিচাৰে
চহোৱা মাটিত
আৰু জাৰকালিতউলঙ্গ শিশুটিৰ বাবে
চিলায় এটি গৰম কামিজ। আজন্ম তেওঁ যুঁজে নিজৰ বিৰুদ্ধে শত্ৰুৰ বিৰুদ্ধে আৰু জৰাজীৰ্ণ প্ৰাচীৰখনক ভাঙি গুৰিয়াই ধাতৱ ঝঙ্কাৰেৰে আনে মুক্তিৰ দিন। কাৰণ তেওঁ এজন স্বাধীনতাকামী মানুহ কাৰণ তেওঁ এজন শান্তিকামী মানুহ।

No comments:
Post a Comment