কবিতা- কাৰ সুখ নাই
কবি- বলদেৱ মহন্ত
পাঠ- প্ৰৱাল গোস্বামী
সুখ নাই সুখ নাই ক'তো ধৰুৱাৰ ;
অণুমাত্ৰ সুখ নাই চিৰ-ৰুগীয়াৰ।
সুখ নাই যিটো সদা গোচৰত ফুৰে ;
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে।
অহৰ্নিশে যাৰ ঘৰে নুগুচে কন্দল ;
তাৰ ঘৰে সুখ-ৰূপ নুফুলে কমল।
সকলো সম্পত্তি আছে পত্নী কিন্তু নাই ;
সিটো সংসাৰীৰ মনে কোনো সুখ নাই ।
ধনী বা নিধনী যদি হয় অপুত্ৰক,
সিবিলাকে দেখে দুখময় সংসাৰক।
সাধুৰ সন্তান যদি দুষ্টমতি হয়,
পিতৃ-মাতৃ মনে সুখ কিছু নাথাকয়।
সুখ নাই যিটো হয় পৰৰ অধীন,
অসুখতে দিন যায় হ'লে বিদ্যাহীন।
No comments:
Post a Comment