কবিতা- আত্মপক্ষ
কবি- হীৰেন ভট্টাচাৰ্য
পাঠ- প্ৰৱাল গোস্বামী
অক্ষমতাক ক্ষমা কৰিব মইতো নেজানো । ৰেহাই মূল্যতো খদ্দৰ কিনাৰ সামৰ্থ্য মোৰ নাই। আই, আজি মই সঁচাকৈয়ে বৰ হিংস্ৰ হৈ উঠিছোঁ।
মোৰ নিয়াৰিৰ
কাচিখনলৈ এবাৰ চালেই
বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ।
পাৰা যদি আই মোক ক্ষমা কৰিবা।
মই যে দাৱনীৰ হাতৰ ধানকটা
কাচিখনৰ কথা পাহৰিয়েই গ'লো
সেইখনো এদিন মইয়েই গঢ়িছিলোঁ।
No comments:
Post a Comment