কবিতা- জন্মভূমি
কবি- বিনন্দ চন্দ্ৰ বৰুৱা
পাঠ- প্ৰৱাল গোস্বামী
স্বৰ্গতো অধিক এই জন্মভূমি মোৰ,
আছে জানো আৰু এনে ঠাই ?
প্ৰথমে জ্ঞানৰ চকু মেলিলো ইয়াত
এনে ঠাই কল্পনাতো নাই ;
কোমলতে পৰি যোৱা কুমলীয়া সাঁচ
বঢ়ালো যি বায়ু পানী পাই,
পাৰো জানো পাহৰিব জীৱনত মোৰ,
হিয়া য'ত দিলা উদঙাই ?
ইয়াৰেই জল বায়ু ইয়াৰে মাটিতে
মিলি মোৰ জেউতি চৰায়,
নাই পৰা সৰি সৰি সৰগৰ পৰা
এটি এটি ফিৰিঙ্গটি প্ৰায়।
অমৃত বৰষা মাত জননী মুখৰ
সৰি পৰা শুনিলো ইয়াত,
তাৰেই মোহত পৰি পাহৰি সকলো
ভোল গ'লো জননী কোলাত।
যিখনি কোলাত বহি অমৃত ভোগিলো
জন্মভূমি তাৰো যে আধাৰ,
যি অমৃত পান কৰি হ'লো এতেখিনি,
বলে ভাঙি ইয়াতেই পাৰ।
আনন্দৰ বিষাদৰ নতুবা ভয়ৰ
শুনো সেই একেষাৰি মাত,
অন্তৰৰো অন্তৰৰ মৰ্মস্থল ভেদি
তাতে উঠে ঘাত- প্ৰতিঘাত।
একে বেলি একে জোন বিশ্ব জগতৰ
তাতো যেন আছে ভেদ পৰ,
আপোন নহয় যেন পৰৰ দেশত
স্বদেশত নিজৰ নিজৰ।
একেই গঢ়েৰে স্ৰজা সকলো মানৱ
তাতো দিলে ভাব ভেদ পৰ,
একেখনি জন্মভূমি একেষাৰি মাতে
কৰিলে কোনোক সহোদৰ।
পৰ্বত পাষাণ ভৰা নতু মৰুভূমি
যেই হক জন্মভূমি মোৰ,
সুখৰ দুখৰ ভৰা সকলোটি ভাবে
ইয়াতেই মেলি দিলে ঠোৰ।
যদি মোৰ জন্মভূমি কৰি পৰিহাস
ইতিহাসে বিদ্ৰূপেৰে চায়,
বুজিব নোৱাৰো কিয় ক্ষুদ্ৰ হিয়াখনি
বেজাৰত যেন ফাটি যায়।
শুনিলে কাহিনী যাৰ গৌৰৱেৰে ভৰা,
উত্তেজিত হিয়া উঠে ফুলি,
নাজানো কি মায়াপুৰী এই জন্মভূমি
সাদৰো সম্ভাষো কিনো বুলি !
চকুত চমক লগা সুখে ভৰা ধৰা
হয় হক গোটেই সংসাৰ,
যদিও নিঃকিন এই জন্মভূমি মোৰ
তুলনাত সকলো অসাৰ !
জনমে জনমে পুনু ইয়াতে জনম
ইয়াতে মৰণ যেন হয়,
ভিখাৰীৰ লাওলোটা ল'বলৈও হ'লে,
স্বদেশত যেন মতি ৰয়।
স্বদেশ, স্বজাতি আৰু স্বধৰ্মত থাকি
শুনো যেন স্বদেশৰ ভাষা,
স্নেহময়ী জননীৰ মৌ-সনা মাত
তাতে মাথোঁ নিঃকিনৰ আশা।
স্বৰ্গতো অধিক কৰি স্ৰজিলা যেতিয়া
প্ৰভু মোৰ প্ৰিয় জন্মভুমি,
জনমে জনমে যেন ইয়াতেই থাকো
তোমাৰ অভয় পদ চুমি।
No comments:
Post a Comment