কবিতা- একবিংশ শতিকাৰ পঞ্চম দশকতো মই তোমালৈ বাট চাম
কবি- বনজিত তালুকদাৰ
পাঠ- প্ৰৱাল গোস্বামী
একবিংশ শতিকাৰ
পঞ্চম দশকতো মই..
তোমালৈ বাট চাম
একবিংশ শতিকাৰ
পঞ্চম দশকতো মই
তোমালৈ বাট চাম
গুটিধানৰ ভড়ালৰ এলান্ধু গুচাই
উজাগৰি বহু ৰাতি..
কল্পনাৰ মণি গাঁঠি..
জোনাক-নিশাবোৰ আদৰিবলৈ যাম
একবিংশ শতিকাৰ
পঞ্চম দশকতো
মই তোমালৈ বাট চাম
মই তোমালৈ বাট চাম
শিলাবৃষ্টি !
শিলাবৃষ্টি..
শিলাবৃষ্টি, ধুমুহা মহাপ্ৰলয় !
ধুমুহা মহাপ্ৰলয় !
হওক ঘনঘোৰ অন্ধকাৰ..
তথাপি যাম মই
কাঁজল গাঁৱলৈ..
সৰুধন কচাৰীক তাতেই পাম..
খাৰবাও, ব্ৰহ্ম, মনেশ্বৰ বাৰি মিলি
মানাহৰ পাৰলৈ যাম
তিপকাই পাৰৰ বাগৰুম্বা
খেৰাই, বাৰদৈচিক্লা চাম
একবিংশ শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই তোমালৈ.. বাট চাম
কথা এটি কওঁ শুনা..
অ’ মোৰ আপোন মানুহ !
অ’ মোৰ আপোন মানুহ !
কথা এটি কওঁ শুনা..
স্বপ্ন দেখোঁ মই
একবিংশ শতিকাৰ পঞ্চম দশকৰ..
তন্দ্ৰাত মোৰ ভাঁহি উঠে কুৰুক্ষেত্ৰ মহাৰণ..
চেতনাত মোৰ থুপাই ৰাখিছোঁ
স্বপ্নহীনতাৰ স্বপ্ন দেখা
বন্ধ্যা পৃথিৱীক
বিধস্ত কৰাৰ
যীশুভিয়াসী বিধ্বংশী শিহৰণ !
অ’ মোৰ দেশৰ মানুহ
অ’ মোৰ দেশৰ মানুহ !
মোৰ সমস্ত আত্মবিশ্বাসেৰে
দৃহতাৰে
ধৈৰ্য্য আৰু ন্যায়-নিষ্ঠাৰে
তোমালোকৰ ওচৰলৈ যাম
গৌৰাং !
গদাধৰৰপৰা লাওখোৱাৰ পাৰত বহি
হস্তীকন্যাৰ সুৰৰ মূৰ্চনাত
উটি-ভাহি যাম
উটি-ভাহি যাম
একবিংশ শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই তোমালৈ.. বাট চাম
ধূলি আৰু বাৰুদৰ ধোঁৱাৰে ধূষৰিত
ধ্বংশস্তূপৰ মাজতো
বাট চাম মই গভীৰ আশাৰে...
গতিহীন
নিস্তৰংগ
নিস্তেজ জীৱনক গতি দিবলৈ..
ৱাংমই, ৰালিপাক, চিকাং, মিৰবাৰী, নিৰ্দাং,
আলেঙৰ বহুগিৰি প্ৰকৃতিৰ দান
প্ৰকৃতিৰ দান
প্ৰকৃতিৰ দান
কাঠাৰিংতী, তাৰো,ৰংপী, ৰাংহান
ৰাচিংজা, ৰংমিলিৰ সতে
মিলি চাম ছুজুং ছুমানকাং
ছুমানকাং
ছুমানকাং
একবিংশ শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই তোমালৈ.. বাট চাম
বনফুলৰ নাভিৰপৰা মোৰ বুকুৰে বৈ যোৱা
সুগন্ধি মই তোমাক বিলাম
ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই হ’লেও
নীলা পাহাৰৰ চোৱাত উঠি
শান্তিৰ চিলা উৰুৱাম
একবিংশ শতিকাৰ
পঞ্চম দশকতো
মই
সিংহাসন পাহাৰলৈ যাম
কৃষ্ণপক্ষ ৰাতি
আৰণ্যক নিৰ্জনতাত
তৰাৰ পোহৰৰ
ছাঁয়ামায়া ধূষৰতাত
তোমাক বিচাৰি চাম
লৌহিত, সোৱনশিৰী, কামেঙেৰে উজাই
তোমাৰ বতৰা ল’ম
ইতা,পুলুক বিচাৰি
ৰয়িঙৰপৰা
মায়’দিয়া-পাছলৈ যাম
মাদি, মাগানে, নিটেৰ স’তে
দিবাঙত ৰেহ চাম
একবিংশ শতিকাৰ
পঞ্চম দশকতো
মই
তোমালৈ বাট চাম
মই তোমালৈ.. বাট চাম
মহামায়াৰ পৰা মই পৰশুৰাম কুণ্ডলৈ যাম
নামবৰৰ পৰা মানাহ অৰণ্য চাম
ধনশিৰী, সোৱনশিৰী, দিখৌ, দিচাং
দিহিং, পুঠিমাৰী, কপিলী, কলং
সকলোৱে আছে ৰৈ !
স্বাগতম জনাবলৈ..
একবিংশ শতিকাৰ
পঞ্চম দশকলৈ !
একবিংশ শতিকাৰ
পঞ্চম দশকলৈ !
No comments:
Post a Comment